তুমি যদি ভাবিছা
মোৰ হ’ম বুলি!
থাকা মোৰ আশাৰ
আঁচলত ধৰি।
মোৰ আশাৰ আঁচলত
তোমাৰ পৰশ পালে
দুচকুৰ পতাত নাচিব
পুৱা সেন্দূৰীয়া বেলিৰ
কোমল ৰ’দৰ এখন ন পৃথিৱী।
তোমাক লৈ গঢ়িম মই
ভৱিষ্যতৰ সোণালী সপোন।
বিৰিঙিব
মোৰ কাৰেঙত
নতুন সোণালী সপোনৰ
অশ্বয্য বিভুতি।
আঁকিম মই ৰং তুলিকা হাতত লৈ
তোমাৰ প্ৰতিচ্ছবি,
তোমাৰ তুলিকাৰে সজাই তুলিম
মোৰ জীৱন।
পাৰা যদি আহিবা তুমি
মোৰ আশাৰ আঁচলত ধৰি
আগুৱাই নিবা মোক জীৱন বাটত
এখুজি দুখুজি কৰি।