দুচকুতে মৰমবোৰ আলফুলে সপোন হৈ ভাঁহিব৷
সঘনাই মোৰ তোলৈকে মনত পৰিব৷
হেঁপাহৰে ফুলনিত ফুলবোৰ হালি জালি ফুলিব৷
তোৰেনে মৰমত মোৰ হিয়া জুৰ পৰিব৷
তোৰ হৃদয়ৰ ভাৱনাবোৰ মোৰ বুকুতে জাগিব৷
তোৰেনো প্ৰেমতে পৰি মোৰেনো মন নাচিব৷
আকাশৰে তৰাটি হৈ ৰ’লাগি চাবি তই৷
আলফুলীয়া হেঁপাহবোৰ তুলি ল’ম হাতত মই৷
আকুলতাই বান্ধি ৰাখিম সযতনে ৰিহাৰে আচঁলত
লৈ৷
নাযাবি দূৰে হৈ সদায়েই কাষতে থাকিবি৷
নিদিওঁ আমনি তোক কোনোদিনেই জানিবি৷
পাতিম জীৱনৰে কথা কাণ পাতি শুনিবি৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *