আহাচোন কাষলৈ প্ৰেমৰ গাণ গাবলৈ

এবুকু প্ৰেমলৈ আঁহাচোন কাষলৈ
ফূলাই তোলা এই নীৰস পৃথিৱী
তৃপ্ত কৰা মোৰ উৎকলিত উতপ্ত হিয়া
বোৱাই অমৰ প্ৰেমৰ অমিয়া মাধুৰী

দশোদিশে আজি তোমাৰেই উমাল আপেক্ষা
গছে পাতে ফুলিছে তোমাৰ ৰূপৰ ছবি
তোমাৰ বাবেই আজি বলিছে বলিয়া পছোৱা
উন্মত্ত বসন্ত উত্তাল গতিৰে বৈছে নিৰবধি

লাজ অভিমান এৰি থৈ প্ৰেমত বাউলীহৈ
প্ৰেমৰ মদিৰালৈ আঁহাচোন কাষলৈ হালিজালি
হৃদয়ত হৃদয় মিলি অমৰ প্ৰেমৰ জোৱাৰ তুলি
জক্ মকাই ফুলি উঠক এই নীৰস পৃথিৱী

মিলন মাধুৰী সনা অমৰ প্ৰেমৰ গান
আঁহা গাঁও হৃদয় ঢালি সেউজৰ সুৰ তুলি
হিয়াৰ সুৱাস লাগি বৈ যাওঁক প্ৰেমৰ নদী
অমৰ প্ৰেমৰ মূৰ্চ্ছনাময় খলকনি তুলি

বিশুদ্ধ হওঁক পৃথিৱী তোমাৰ প্ৰেমৰ সুৱাস লাগি
উজ্বলি উঠক এই স্নিগ্ধ শীতল জোনাক ৰাতি
লাজৰ ওৰণী আঁতৰাই আঁহাচোন কাষলৈ
প্ৰেম বসন্ত হওঁক মায়াময় মিলনৰ লগৰী

দুয়োৰে বুকুত দুয়ো মিলি যাওঁ আঁহা আজি
মিলনৰ মধুৰ লহৰত যাওঁ উটি ভাঁহি
সত্য সুন্দৰ প্ৰেমৰ আহ্বান নকৰিবাচোন অপমান
আত্মাইহে আত্মাক চিনি আদৰেৰে লয় আদৰি

চিৰ সুৰীয়া সুগন্ধি প্ৰেমত আত্মা ডুবযোৱা বাবেই
প্ৰেমেৰে মাতিছো আজি তোমাক কাষৰলে
প্ৰেমৰ ছন্দে ছন্দে হৃদয়ে হৃদয় বিছাৰে অকাতৰে
প্ৰেম আৰু প্ৰশান্তিৰে সুন্দৰ জীৱন সজাবলে

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *