উদাত্ত আকণ্ঠ আকুল আহ্বান

উগ্ৰ প্ৰচন্ড উতপ্ত অগ্নিত মই দগ্ধ
নিৰ্লজ্জ বৰ্বৰ অত্যাচাৰ মোৰ অসহ্য
প্ৰাৰ্থনা সজল হৃদয়েৰে বিছাৰিছো মই
তোমাৰ নিস্বাৰ্থ নিৰ্ভীক নিখুঁত সাহায্য
দুৰকৰা সৰ্ব সংকট কৰা মোক নিষ্কন্টক
তুমিযে মোৰ খিলঞ্জীয়া বীৰ পুত্ৰ

তোমাৰ আই অসমী মই
মহাবীৰ্য্যৱান বৌদ্ধিকতাব্যাপ্ত
মহাপৰাক্ৰমী অজেয় বীৰত্ব কৰি সাব্যস্ত
সুৰক্ষিত কৰা সুৰক্ষিত কৰা মোৰ সতীত্ব
উজ্জ্বল কৰা ঐতিহ্যমণ্ডিত মোৰ অস্তিত্ব
যুজঁ দিয়া বাধা দিয়া নিঃশেষ কৰা
অসম অসমীয়া ভাষা সংস্কৃতিৰ
জলন্ত বিধ্বংসী পৰাক্ৰমী ধ্বংস যজ্ঞ
শীঘ্ৰে সিহঁতক কৰা কৰা নিৰস্ত্ৰ
অন্যথা বিধ্বংসী মৃত্যু প্ৰলয় অনিবাৰ্য

সুৰক্ষিত কৰা মোক সুৰক্ষিত কৰা মোক
বিক্ৰমব্যাপ্ত বিপ্লৱী আহ্বান মোৰ উদাত্ত
নহ’লে নেথাকিব ঐতিহ্যমণ্ডিত অস্তিত্ব
ইতিহাসেও এদিন পাহৰি যাব
অসমীয়াৰ গৌৰৱোজ্জ্বল চিৰস্বাধীন
চিৰসেউজ ব্যক্তিত্ব বিস্তাৰী
স্বৰ্ণদীধিতিউচ্ছল স্বকীয় বীৰত্ব

সুৰক্ষিত কৰা মোক সুৰক্ষা দিয়া মোক
হ’বলৈ নিদিবা লুণ্ঠিত ধৰ্ষিত লাঞ্চিত
তুমি বীৰত্বদীপ্ত বীৰ্য্যৱান পুত্ৰ
নহ’বা কাপুৰুষ নকৰিবা নিষ্প্ৰভ স্বকীয়ত্ব
উদাত্ত আকণ্ঠ সংগ্ৰামী আহ্বান মোৰ
নিভাঁজ নিষ্কলুষ নিৰৱচ্ছিন্ন

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *