তুমি অহা বাট মই
সদায় ফুলেৰে থওঁ সজাইকেতিয়া আহিবা তুমি
শিৰত সেন্দুৰ সানি
সজাবলে মোৰ প্ৰেমৰ পৃথিৱী
সুন্দৰ অন্তৰৰ সৌন্দৰ্য বোলাইসুৰম্য প্ৰেমৰ সুমধুৰ সুগন্ধি বিলাই
ষড়ঋতুৰ আকাশত ৰক্তিম সূৰ্য্য জ্বলাই
কেতিয়া তুলিবা প্ৰেমৰ ফুলেৰে ফুলাই
আকুল বিয়াকুল মোৰ হিয়াখনি
বসন্ত বৰ্ণিল বাস্তৱৰ বাৰিধি বোৱাইআহিবা আহিবা বুলি গভীৰতাৰে ভাৱি
তুমি অহা বাট থৈছো ফুলেৰে সজাইমুৰৰ দীঘল ওৰণী খুলি
হেঙুল হাইতাল হেঁপাহৰ হিমন্ত হিলাই
কেতিয়া তুমি মোক প্ৰেমেৰে ল’বা সাৱতি
অনাবিল অনন্ত মাদকতাৰ ঢল বাগৰাইতুমি অহা বাট ফুলেৰে সজাই
অধীৰ আপেক্ষাৰে তুমি অহালৈ
স্বপ্নৰ মালা গাঁঠি গাঁঠি আছো বাট চাইশৃঙ্গাৰ অলংকৃত মূৰ্চ্ছনাৰ তালত তাল ৰাখি
মুগা ৰিহাৰ পাতৰ খচ্ খচনি তুলি
থৌকি বাথৌ খোজেৰে
লাজ সলাজ ভাৱেৰে
মোৰ কাষলৈ আহিবা তুমি হালি জালি
কথা ক’বা ফাগুনৰ মলয়া বতাহ বোৱাই
সেই মিলন মধুৰ ক্ষণলৈ আছো বাট চাইতুমি নাহিবা বুলি মই ভাৱিবই নোৱাৰো
নিদিবা বুলি নেভাবো সহাঁৰি
তুমি বাৰু আহিবা কেতিয়া
তোমালৈ বাট চাই চাইও মোৰ চকু নিবিষাই
তুমি আহিবা আহিবা বুলিয়েই
এই নদীৰ তীৰত আছো বাট চাইতুমি আহিলেই পুৰ্ণ হ’ব মোৰ জীৱন
অনন্ত প্ৰেমত নিজকে দিম উটুৱাই