বুকুত অদম্য উৎসাহ লৈ
জপিয়াই পৰিছিল
বিদেশীমুক্ত কৰিবলৈ
অসমৰ বুকুত|
জীয়া তেজৰ নৈ বলে ,
আঠশ পচপন্ন জন পাহুৱাল ডেকাৰ|
কেঁচা শোণিতেৰে
ৰাঙলী হ’ল অসম ;
হ’ল জানো বিদেশী বিতাৰণ?
প্ৰতি বছৰে শ্বহীদক
কৰিছে স্মৰণ ,
মাতৃৰ বকুৰ জুইকুৰা
হৈছে পুনৰ উদ্গীৰণ;
প্ৰশমীত কৰিবলৈ কোনোবাই
কৰিছেনে যতন?
মাতৃয়ে চকুলো টুকিছে,
পৰিয়ালে চকুলো টুকিছে,
কিন্তু যাৰ শক্তি আছে
এইজুই কৰিবলৈ নিৰ্বাপণ,
তেওঁলোকচোন হৈ আছে
এতিয়াও অৱচেতন|
নিদ্ৰা ভংগ হ’বনে
কোনোবা দিন???
কৰিবনে শ্বহীদৰ কেঁচা তেজৰ মূল্যাংকণ???