নিশা পোষ্টেলৰ
‌ যোগেদি অহা
অশ্ৰুলেখাৰ সেই
নীলা খামৰ চিঠিখন
মোকলাই চালোঁ
তাইৰ মৌ বৰষা
হৃদয়ৰ বতৰাবোৰ
পুৱা বেলিৰ
‌ সেন্দুৰীয়া পোহৰত।

হঠাতে এটা
শেন পক্ষী আহি
থপিয়াই লৈ গ’ল
অশ্ৰুলেখাৰ চিঠিখন,

নিলীম আকাশত
সমীৰণৰ তালে তালে
উৰি ফুৰিছে অশ্ৰুলেখাৰ
হৃদয়ৰ ভাবৰ বতৰা বোৰ
আৰু তাইৰ দুহাতৰ পৰশত
উজ্বলি উঠা উকা কাগজ
আৰু নীলা চিঁয়াহীৰ
শব্দৰ মুকুতা বোৰ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *