মই জীৱ শ্ৰেষ্ঠ মানৱ
জীয়াই থকাৰ দোৰ্ঘোৰ মোহ!
মই স্বাৰ্থহীন নিৰিহ এগৰাকী অবলা নাৰী।
সদৌটিৰ সৰ্বাংগীন উন্নতিৰ হকে
কণ্টকাকিৰ্ণ পথেৰে-
পথভ্ৰষ্ট নোহোৱা মই নিৰ্ভীক নাৰী।
দুচকুত ৰঙীন সপোনৰ ভাষাৰে,
অন্তৰ চুই যাওঁ মই বহুতৰে নিৰ্ভীকতাৰে।
হ্ৰস্বম্যাদী জীৱনত জীয়াই থকাৰ তাড়নাতে,
অগ্ৰসৰ হওঁ মই দুগুন উৎসাহেৰে।
মনৰ হাবিয়াস নিলিম দুচকুত,
মলিয়ন হৃদয় বোৰ নিকা কৰা স্বাৰ্থতেই
আছো জীয়াই।
কাৰোঁ অন্যায় অবিচাৰক আশ্ৰয় নিদিয়া,
মোৰ অক্লান্ত মন।
নিৰিহ জনতাৰ স্বাৰ্থত
অসীম সাহসীকতাৰে আগুৱাই যোৱা মৰ সাহ আছে বুকুত,
মাৰ বান্ধি থিয় দিম দুৰ্ভগীয়া নাৰীৰ স্বাৰ্থত,
জীৱন্ত মানৱ হৈ স্বাৰ্থপৰ এই পৃথিৱীত।
মই প্ৰতিমা নহয় একেঠিৰে চাই ৰবলৈ,
জীৱন্ত দেৱীৰ ৰূপত মহিষাসুৰ ৰূপী দুৰ্জনৰ বাবে মই মৃত্যুৰূপী কালান্তিকা কালী।
মোৰ অৱশিষ্ট খিনি মৃত্যুৰ পাছতো,
জীৱিত মানৱ ৰূপে বিলিন হওঁক এই পৃথিৱীত।
সকলো নিশেষ হোৱাৰ পাছতো,
ঢিমিক ধামাক কৈ উজ্জ্বলি ৰওঁক,
সৰ্বহাৰা জীৱিত মানৱ হৈ।
ইতিত
জীৱিত মানৱ।