প্ৰেমৰ বটিয়া বাটি বিষাদৰ মালা গাঁঠি
সৃষ্টিৰ আনন্দ বুলাই
অশ্ৰুৰে ধুৱাই ধুই নুমাও হিয়াৰ জুই
তৃষাৰ নদী বাগৰাই

হেৰোৱা দিনৰ কথা নেভাবো নিচিন্তো জানা
যাওঁ মাথোন আগুৱাই
নতুন পৃথিৱীৰ নতুন সূৰ্যৰ পোহৰ বিছাৰি
সৃষ্টিৰ মাজতহে পায়

হেৰোৱা দিনবোৰ হেৰায়েই গ’ল গোপনে
নেভাৱো তাক সদায়
নৱ নৱ সময়ে গঢ়া নিত্য নৱ বাস্তৱত
জীৱন দিও উটুৱাই

আশা নিৰাশা নাই আজি স্বপ্ন নাই
প্ৰতীক্ষাৰো যে অৰ্থ নাই
সৰ্ব চিন্তা কৰ্মৰ ফল সময়েহে দিব সময়ত
তাত কোনো সন্দেহ নাই

বিষাদী সময়ে গৰকা নিৰুপায় এই জীৱন
নিৰ্থক হৈ হৈ হৈ ৰৈ গ’ল
সেয়েহে আজি জানা নিৰৱে মৌন হৈ ৰ’লো
এতিয়া গধুলিয়ে হ’ল

সৃষ্টিত নিমগ্ন থাকো শৈল্পিক সুন্দৰ মনলৈ
সপোনো সফল নহ”ল
তৃষা স্বপ্ন সকলো মিছা বাস্তৱ প্ৰকৃততে সঁচা
জীৱন অপচয় হ’ল

তাকে ভাৱি আছো বহি নীৰৱে নীৰলে আজি
আবেলিৰ অস্ত পথত
জীৱন প্ৰদীপ ছোৱা আজি নুমাও নুমাও
নুমাব অলপ পাছত

অহৰহ ব্যৰ্থাতাৰ ভৰত নিশ্চল জীৱন মোৰ
অন্ধকাৰত ডুব গ’ল
থকাবোৰ থাকিয়েই গ’ল নোৱাৰো আৰু কৰিব
এতিয়া যাবৰেই হ’ল

বিদায় পৰত আজি দুখৰ চকুলো টূকি
একোৱেই লাভ নাই
দিন আহে দিন যায় পুৱাৰ সুৰুজ ওলাই
দুখৰ ৰাতি নুপুৱাই

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *