ইয়াতেই
হয় ঠিক ইয়াতেই
মোৰ হিয়াত দপ্‌ দপাই পাৰ হৈ যোৱা
এটি মধুময় উতলা সন্ধিয়াত
অচিন বিহু কুঁৱৰীৰ উতলা যৌৱনেৰে
অন্তৰ বেদনাৰ মাজত হেৰাই গৈছিল
মোৰ চঞ্চল অবিচল যৌৱনৰ
উতনুৱা বগা ঘোৰাটো ।

সেই মৃত্যুঞ্জয়ী বহাগ আকৌ আহিল
ফাগুনৰ লাহ্‌দি সেউজ সুৰীয়া হৈ
চঞ্চল আঁহতৰ তললৈ ,
লালিত্যময় কল্লোলপূৰ্ণ লুইতৰ পাৰলৈ
বিষাদ বেদনাৰে গধুৰ হৈ।
অথচ সেই ৰমনীয় ৰমনী নাহিল।
মোৰ মানস পটৰ ছবি আঁকিবলৈ
সোণালী সপোনেৰে সতেজ সজীৱ কৰিবলৈ।

তেওঁ নুবুজিলে চাগে
ৰিক্ত হিয়াৰ তিক্ত ব্যথাৰ
বিহু কোঁৱৰৰ মুক বেদনা।

বলিয়া ফাগুনৰ উতলা বতাহ হৈ
এতিয়া মাথোন যন্ত্ৰনা
সময়ৰ গতিত হ’লগৈ অতীত
সিঁচি যোৱা বেদনা স্মীতিত।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *