বহুত বেদনা বুকুত বান্ধি নিবেদিতা বিয়াত বহিবলৈ বাধ্য হ’ল। তাই শৈশৱৰে পৰা ভাল পোৱা নিকুক জীৱন সংগী ৰূপে পাবলৈ সংকল্প লৈছিল; কিন্তু তাৰ ঘৰৰ অৱস্থা ভাল নোহোৱাৰ বাবেই মাক-দেউতাকে তাৰ লগত বিয়া দিবলৈ অস্বীকাৰ কৰিলে।
অনুপম ইঞ্জীনিয়াৰিং পাচ কৰি ভাল কম্পেনীত চাকৰি কৰে। তেওঁলোকৰ ঘৰৰ অৱস্থাও বহুত ভাল। তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ অহাৰ লগে লগে মাক-দেউতাকে সন্মতি জনালে।
বিয়াৰ দিনা তাই কেৱল কান্দি কান্দিয়েই সময় কটালে। তাই অন্তৰৰ দুখ বুজিবলৈ কোনেও নাচালে ,কেৱল টকাক গুৰুত্ব দি তাইক ঠেলি দিলে চিৰন্তন দুখৰ মাজলৈ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *