বন্য হস্তীৰ ক্লেশ

হে, জীৱ শ্ৰেষ্ঠ মানৱ
নিজৰ বাবে ডাঙৰ ডাঙৰ দালান গঢ়িছা,
গঢ়িছা ৰম্য ৰমণীয় বাসস্থান বাসভৱন ।
পিছে মোৰ বাসস্থান কিয় কালদগ্ধ কৰিছা?
গছ-বন কাটি কিয় লঠঙা কৰিছা?

নিজৰ বাবে নিতৌ
ন ন খাদ্যৰ ব্যঞ্জন তৈয়াৰ কৰি
ৰাজভোগ ভোজন কৰিছা ।
পিছে মোৰ খাদ্যস্থল কিয় চাৰখাৰ কৰিছা?

খাদ্য বিচাৰি তোমালোকৰ সমীপত গ’লে
আকৌ জুই, ফটকা, দা ধনুকাঁড় আদিৰে
আক্ৰমণ কৰি থকা-সৰকা কৰা।

তোমালোকেই কোৱা
মই ক’ত থাকিম ?
মই খাদ্য ক’ত পাম?
মই মোৰ পৰিয়ালৰ বাসস্থান বিচাৰি কলৈ যাম?

কেনেকৈ বুজাও
মোৰো তোমালোকৰ দৰে যে
পো-পোৱালি আছে
পৰিয়াল আছে
মৰম আছে
মমতা আছে
ভোক আছে
ভোগ আছে
দায়িত্ব আছে
দৰকাৰ আছে
মান আছে
অভিমান আছে।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *