পদূলিত উখলমাখল ভোগালীৰ আখৰা৷
ঢেঁকীৰে চাবত কঁপে লাহী কঁকালৰে ভাঁজ
জুৰুলিজুপুৰি কৈ তিতিছে ৰিহা আঁচলৰে আগ৷
চিৰা, পিঠা, লাৰু, মুৰি মহৰে আঠা দৈ ৷
চুঙা পিঠা, ঘিলা পিঠা, তিলৰে পিঠা লৈ
আদৰিমে মাঘৰে বিহুক পৰিয়ালৰ মাজতে ৰৈ৷
মাটি মাহৰ সোৱাদেৰে,মিঠা আলুৰ মিঠাৰে,বকুল বৰা ধানৰ জলপানৰ আঠাৰে,
কণজহা চাউলৰ ভাতৰে সুগন্ধি সুৱাদ লৈ৷

Read More

জ্ঞান বুদ্ধিহীন সুবলিত সুকুমাৰ যৌৱন
সুগন্ধি শূন্য ফুলৰ দৰে
জ্ঞানেহে মানুহক সুন্দৰ মাধুৰ্যমণ্ডিত কৰে
বাহ্যঅভ্যান্তৰে সৰ্বকালে

Read More

শঙ্কৰ মাধৱেই মোৰ আত্মাৰ আত্মা
সৰ্বতত্ত্বদীপ্ত সৰ্বশাস্ত্ৰৰ সুৰম্য সূৰ্য্যসাৰ সুগন্ধিত
অনন্ত অক্ষয় উচ্ছল প্ৰেমভক্তি প্লাৱিত
নিত্য সংশয় শূন্য মোক্ষৰ বণ্যা

Read More

মহাকালৰ বুকুত
পোহৰ প্ৰয়াশী আমি
জীৱন বুকুত
এখোজ দোঁখোজ
আগবাঢ়ি যাওঁ আমি
অভিলাষী জীৱন জয়ৰ
শত ধুমুহাৰ কালচক্ৰ ভেদী
অনন্ত সময়ৰ
অশান্ত ঢৌৰ মাজত
প্ৰশান্তি বিচাৰি……..
শুভ নৱবৰ্ষ বন্ধুজন

Read More