স্পন্দিত অনুভৱৰ নন্দিত তৰঙ্গ

অখণ্ডমাধুৰ্য্যমণ্ডলমণ্ডিত অনৱচ্ছিন্ন
সুৰম্য শৈল্পিক অনিৰুদ্ধ ছন্দস্পন্দিত
বাস্তৱৰিক্ত অনন্য অনন্ত অমিয়া অনুভৱদীপ্ত
অখণ্ড অময়া অনন্য সুললিত সুৰীয়া
মঞ্জুল মঞ্জুল মূৰ্চ্ছনামণ্ডিত
তপনতপ্ত তাৰুণিক তৰঙ্গস্তনিত
স্বৰ্ণাভ বসন্তৰ বৰ্ণাভ দিগন্তত
অন্তৰ উন্মুক্ত ভাস্বত স্বপ্নৰ নৃত্য
বালাৰ্কী সূৰ্য্যৰ অৰুনিম আভাৰে
যেতিয়া হয় অচিন্ত্য নৈগূণ্য প্ৰেমসুৰঞ্জিত
তেতিয়াই কবিত্বই প্ৰেমৰপৰাকাষ্ঠা নিৰলস
নৈসৰ্গিক নিৰলতাৰে কৰি স্পৰ্শ
শতৰূপা সহস্ৰদলপদ্মৰ কনক কান্তিৰে
অলংকৃত হৈ প্ৰতিস্থা কৰে স্বকীয়ত্ব

ফেনে ফোটোকাৰে বোৱাই অন্তৰ্দীপ্ত কাব্যিকতা
সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত সুশীলতাৰে সৃষ্টি কৰে
সেউজ সুগন্ধি স্বৰ্ণাভ বৰ্ণাভ স্পন্দিত শব্দৰ
কলকণ্ঠী কল্লোলিনী কল্লোলিতকান্তি কল্প্য কাব্যশিল্প

মন্দাকিনীৰ মময়া মদিৰ মাতৰিস্বাৰ
মতলীয়া ম-ময়া লহৰে লহৰে বৈ যায়
অনন্ত অনাবিল অনন্য অমিয়া অমৃতময় প্ৰেম
মন্ত্ৰমুগ্ধ মূৰ্চ্ছনাময় মাধুৰ্যমণ্ডিত কোকিলকণ্ঠী মৃণাল কান্তি অন্তৰস্পৰ্শী কাব্যিকতা
উত্তাল উতপ্ত উন্মত্ত উল্লাস উন্মুক্ত
চিৰন্তন সেউজীয়া সত্য সুন্দৰ সৌন্দৰ্য বিধৌত
শৈল্পিকতাসিদ্ধ শিল্প সৃষ্টিৰে আত্মা হয় আত্মতৃপ্ত

সৃষ্টিৰ গৰ্ভত আৰক্তিম অৰুণিম সূৰ্য্য জ্বলে
স্বপ্নৰ ছন্দেৰে ছন্দ্ৰায়িত হয় শৈল্পিক শব্দ শিল্প
প্ৰভাতী পক্ষীৰ উৰুলি উৰুলি সুললিত কুৰুলিত
ধ্বনিত প্ৰতিধ্বনিত হয় মধুৰ মঙ্গল বাদ্য
বোৱাই অমৰ প্ৰেমৰ অনন্ত অময়া অমৃতময় শৌৰ্যবীৰ্য প্ৰদীপ্ত আশ্চৰ্য অপূৰ্ব মাধুৰ্য্য

অন্তৰে অন্তৰে নিৰন্তৰ অমৃত ঢালি ঢালি
চঞ্চল উচ্ছল নিৰ্মল ধাৰাৰে নৃত্য কৰি কৰি
ৰৈবৈ বৈ যায় স্বৰ্ণাভ সৃষ্টিৰ মধুৰ মকৰন্দ

অনিবৰ্চনীয় অপ্ৰমেয় অপ্ৰমত্ত মহানুভৱ আস্তীৰ্ণ
অনাবিল তৰঙ্গযুক্ত অনিল অনঙ্গৰ ই
কবিত্বসিক্ত প্ৰেমপ্লাৱিত স্বপ্নশীল প্ৰজ্ঞা নিহিত
অনিন্দ্যসুন্দৰ শিল্পৰ আধ্যাত্মিক অনন্ত ৰহস্য

অমল অময়া অমৃতময় এই অনন্ত ৰহস্য
নিত্য দুৰ্বোধ্য দুৰ্ভেদ্য পৰমাত্মিকতাৰে আশ্চৰ্য্য

সেইবাবেই চাগে অমৰ্তভূৱনসন্নিভ অমৃতময়
কাব্যশিল্প কোনোকালে নহয় সংজ্ঞাবদ্ধ
চিৰন্তন স্বতন্ত্ৰ প্ৰদীপ্ত পৰিবৰ্তন প্ৰৱাহিত
শাশ্বত ভাস্বত বিৱৰ্তনশীলতাৰে চিৰন্তন উন্মুক্ত
অম্লান অৰুণাভাশক্ত অৰ্ণৱোদ্ভৱদীপ্ত সমসত্ব

অনিবৰ্চনীয় অক্ষয় অক্ষত সচ্চিদানন্দসচেষ্ট
সুশোভিত সেউজ সজল প্ৰেম পল্লৱিত
চিৰন্তন সুগন্ধি সঙ্গীতময় ফুলাম বসন্তৰ
নিত্যনৱ মুৰ্চ্ছনামণ্ডিত অৰ্থালংকাৰ
ছন্দালংকাৰ ব্যঞ্জনাময়তাৰে বিভূষিত
চিৰস্বাচ্ছন্দ্য অস্তিত্ব নিহিত কাব্যশিল্প

আলংকাৰিক অলংকৰণসিক্ত লয়লাসী লয়যুক্ত
ছন্দোজ্জ্বল জ্ঞানোচ্ছল প্ৰাণোচ্ছল
অনিন্দ্যসুন্দৰ উমাল উৎকলিত
সমুজ্জ্বল সুৱাসী সুৰম্য প্ৰেমোচ্ছলতাৰে
পল্লৱিত হৈ প্লাৱিত হয় মাথো কাব্যশিল্পত
অনন্য অময়া প্ৰণামী প্ৰাঞ্জলতাৰে
স্পন্দিত অনুভৱৰ নন্দিত তৰঙ্গ
য’ত প্ৰেম আৰু প্ৰকৃতি নৈসৰ্গিকতাৰে
অনৰগল অনিৰ্বাণ অমায়িকতাৰে মন্ত্ৰমুগ্ধ

আত্মাইও য’ত অমেয় অন্তৰ্দৃষ্টিৰে বিছাৰি পায়
পৰম পৱিত্ৰ প্ৰেমদীপ্ত দিৱ্য আলোকেৰে আলোকিত
স্বৰ্ণমণ্ডিত শান্তি প্ৰশান্তিৰ সদা সমুজ্জ্বল সন্মাৰ্গ

জীৱনে বুজি পায় জীৱনৰ গূঢ় গ্ৰাঢ় উদ্দেশ্য
বুজি পায় যৌৱন প্ৰেম সত্য সুন্দৰৰ
সথিক সাৰ্বিক সন্নিবদ্ধতা সন্নিবিষ্ট ৰহস্য

স্ফুলিঙ্গ স্ফুৰিত স্মৃতিৰ স্নৈগ্ধ্যতা স্থিৰীকৃত
সনিৰ্বন্ধতা সমৃদ্ধ সন্তোষসন্নিভ সুমিষ্ট স্পৰ্শৰে
যি দিয়ে নিত্য নান্দনিক নৃত্যস্ফুট স্পন্দিত সান্নিধ্য

স্বয়ং স্বৰিত স্বচ্ছল স্বচ্ছন্দ স্বপ্নিল স্বভাবোক্তিত
স্বতঃস্ফূৰ্ত স্মিতস্মৃতিৰে জ্যোতিৰ্ময় হয় স্বৰূপানন্দ

কাব্য শিল্পযে আত্মসমৰ্পনাত্মক অন্তৰঙ্গতাৰে শিল্পিত
আত্মাৰ পৰমাত্মিক পৰম পৱিত্ৰতা আকীৰ্ণ
স্বৰ্ণাভ বৰ্ণাভ শাশ্বত ভাস্বত প্ৰমভক্তি উচ্ছল
নিৰ্মল সত্যসিদ্ধ বৌদ্ধিকতা ব্যাপ্ত চিৰসেউজদীপ্ত
পৰমাত্মিক প্ৰাঞ্জল উজ্বল প্ৰেমৰেই ভাষ্য
শৈৱলিনীৰ সুশীল ধাৰাৰে চিৰপ্ৰৱাহমান য’ত
স্পন্দিত অনুভৱৰ অননুভৱ নন্দিত তৰঙ্গ

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *